ইংৰাজী কিয় শিকে

From Antimoon Translation Project

.edit

ভালকৈ ইংৰাজী ক'বলৈ শিকাটো সম্ভৱতঃ আপোনাৰ জীৱনৰ এক অতি 'ভাল' সিদ্ধান্ত। হয়। আপুনি আনে গ্ৰহণ কৰিব নোৱাৰা জ্ঞান অৰ্জন কৰিব বিচাৰেনে? আনে কথা পাতিব নোৱাৰা লোকৰ সৈতে কথা পাতিব, চিঠি লিখিব বিচাৰেনে? নিজৰ মুখ খোলামাত্ৰেই আনৰ ওপৰত ভাল সাঁচ বহাব বিচাৰেনে? নিজৰ বৃত্তিত আনক কেইবামাইল পিছ পেলাই আগ বাঢ়িব বিচাৰেনে?

জ্ঞান অৰ্জন কৰকedit

আপুনি কি ভাল পাই? বিজ্ঞান? সংগীত? গণক যন্ত্ৰ? স্বাস্থ্য? ব্যৱসায়? খহেল? আজিৰ সংবাদ মাধ্যােম-- যেনে আন্তৰ্জাল, দূৰদৰ্শন, প্ৰেছে -- আপুনাক দিয়ে আপোনাৰ প্ৰিয় বিষয়ত অসীম জ্ঞান। আমি 'তথ্যপ্ৰযুক্তিৰ যুগ'ত নাথাকো জানো?

কিন্তু এটা সমস্যা আছে। প্ৰায়বোৰ তথ্য ইংৰাজীত আছে।

জ্ঞাতাৰ্থে:

  • আন্তৰ্জালত আতাইতকৈ অধিক পৃষ্ঠা। সেয়া প্ৰায় ১০০ কোটি পৃষ্ঠা! মাত্ৰ এটা ভাষা শিকিলেই আপুনি আন্তৰ্জালৰ প্ৰায় সকলো তথ্য আহৰণ কৰিব পাৰিব।
  • গ্ৰন্থ -- সমগ্ৰ পৃথিৱীৰ যিকোনো বিষয়ত। ব্ৰিটিছ বা আমেৰিকান লেখকৰ কিতাপ, বা পৃথিৱীৰ অন্য ভাষাৰ পৰা অনুদিত কিতাপ। আপুনাৰ পচন্দ যিয়েই নহওক, আপুনি ইংৰাজীত সেই বিষয়ে পঢ়িব পাৰে।
  • প্ৰেছ -- কেৱল ইংৰাজী আলোচনী আৰু বাতৰিকাকতহে বিশ্বৰ সকলো ঠাইত পোৱা যায়। আপুনি টাইম নিউজৱিক বা ইন্টাৰ্নেচনেল হেৰাল্ড বিচাৰিব নালাগে!
  • বিজ্ঞান। ইংৰাজী বিজ্ঞান জগতৰ চাবি। ১৯৯৭ত, বিজ্ঞান উদ্ধৃতি সূচকৰ ৯৫% প্ৰবন্ধ ইংৰাজীত আছিল, কেৱল ৫০%হে ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি ইংৰাজী কোৱা ঠাইৰ পৰা লিখা হৈছিলে।
  • বাতৰি। আন্তৰ্জাতিক দূৰদৰ্শনৰ জালকৰ্ম চাওক, যেনে চিএনএন ইন্টাৰ্নেচনেল আৰু এনবিচি। তেওঁলোকে বাতৰি অতি সোণকালে প্ৰকাশ কৰে, আৰু সৰু ৰাষ্ট্ৰীয় জালকৰ্মতকৈ অধিক দক্ষতাৰে।

মানুহৰ সৈতে কথা পাতকedit

আমি ইংৰাজীক "বাৰ্তালাপৰ ভাষা" ৱুলি ক'ব বিচাৰো। কিয়? কাৰণ এনে লাগে যেন বিশ্বৰ মানুহে কথা পাতিবলৈ ইংৰাজী ব্যৱহাৰ কৰিবলৈ সন্মত।

  • প্ৰায় ১,৫০,০০,০০,০০০ মানুহে ইংৰাজী কয় আৰু ১,০০,০০,০০,০০০ মানুহে শিকি আছে।
  • পৃথিৱীৰ ৭৫% চিঠি আৰু প'ষ্টকাৰ্ডৰ ভাষা ইংৰাজী।
  • প্ৰায় সকলো আন্তৰ্জাতিক অনুষ্ঠান বা প্ৰতিযোগিতা ইংৰাজীত পতা হয়। যেনে অলিম্পিক্স, মিছ ৱৰ্ল্ড।
  • ৱিভিন্ন দেশৰ কূতনীতিবিদ আৰু ৰাজনীতিবিদে ইংৰাজীত কথা পাতে। ইংৰাজী যুক্তৰাষ্ট্ৰ, নাট', ইউৰোপিয়ান ফ্ৰী ট্ৰেড এচ'চিয়েচন আদিৰ প্ৰধান ভাষা।

যদি আপুনি ইংৰাজীত কথা পাতিব পাৰে, তেনেহ'লে আপুনি:

  • গোটেই বিশ্বৰ মানুহৰ লগত কথা পাতিব পাৰিব। নিজৰ চিন্তা, মত আদিৰ বিষয়ে আন্তৰ্জাল আদিত পাতিব পাৰিব। পচন্দৰ লোকক ই-মেইল পঠিয়াব পাৰিব। তেওঁলোকৰ জীৱন আৰু সংস্কৃতিৰ বিষয়ে জানিব পাৰিব।
  • সহজে ভ্ৰমণ করিব পাৰিব।